Breaking News

ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ক'ভিড আইচিইউ বিভাগ মুকলি

বোকাজান, ২৬ মে':- আজি পুৱা ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ক'ভিড আইচিইউ বিভাগটোৰ শুভ উদ্ধোধন কৰে। চৌদিশে কৰ’নাৰ সংক্ৰমণে সাধাৰণ জনতাক সন্ত্ৰস্ত কৰি ৰখাৰ সময়তে ১২ খন বিচনা সংযুক্ত ইমাৰ্জেঞ্চি কেয়াৰ ইউনিতটো ৰাইজৰ সুবিধাৰ্থে মুকলি কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে। আইচিইউ বিভাগটো উদ্ধোধন কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ক'ভিড-১৯ ত আক্ৰান্ত তথা সংকটজনক অৱস্থাত থকা ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত সুবিধাসমূহ বৃদ্ধি কৰাৰ লগতে ডিএমচিএইচত প্ৰয়োজনীয় অক্সিজেনৰ চিলিণ্ডাৰ উপলব্ধ থকাৰ কথা জানিবলৈ দিয়ে। আনহাতে, মুখ্যমন্ত্ৰীৰ সৈতে শেহতীয়া বৈঠকত ডিএমচিএইচৰ বাবে প্ৰয়োজনীয় সঁজুলিৰ বিষয়ে পৰীক্ষণৰ বাবে তথা পশ্চিম কাৰ্বি আংলং জিলাত অক্সিজেন গেছৰ উৎপাদন প্ৰকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ সংশ্লিষ্ট চৰকাৰী বিভাগক ডিএমচিএইচলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে ক'ভিড মহামাৰীৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।




No comments