অমৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে 'ভাৰতৰত্ন' প্ৰদানৰ আহ্বান অসম সাহিত্য সভাৰঃ প্রধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিব স্মাৰক-পত্ৰ
গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসমীয়া জাতিৰ হৃদস্পন্দন, কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, কবি, ক্রীড়াবিদ জুবিন গাৰ্গক 'ভাৰতৰত্ন' প্রদানৰ আহ্বান জনাইছে অসম সাহিত্য সভাই। ৪০টা আঞ্চলিক ভাষাত ৩২ হাজাৰৰো অধিক গীত পৰিৱেশন কৰি অমৰ কীৰ্তি ৰচিবলৈ সক্ষম হোৱা বিশ্ববিখ্যাত শিল্পী জুবিন গাৰ্গ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক দুর্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লয়।
সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্রধানসম্পাদক দেৱজিৎ বৰাই এক বিবৃতি যোগে জানিবলৈ দি কয়- অসমৰ জনগণৰ দাবীৰ ওপৰত নিৰ্ভৰ কৰি জুবিন গাৰ্গক 'ভাৰতৰত্ন' প্রদান কৰিব লাগে। যিহেতু বিগত বর্ষসমূহত প্ৰচুৰ প্ৰতিভাসম্পন্ন এইগৰাকী ব্যক্তিৰ প্রতি কোনো মর্যাদাপূর্ণ সন্মান চৰকাৰীভাৱে প্রদান কৰা নহ'ল। তেখেতৰ অন্তিম যাত্রাত অভিলেখসংখ্যক গুণমুগ্ধৰ অংশগ্রহণ তেওঁ সমাজ জীবনত অৰিহণা কিমান সেয়াই তাকেই প্রমাণ কৰে। সেয়ে অসম সাহিত্য সভাই হৃদয়েৰে আশা বাঞ্ছা কৰে যে বিশ্ববন্দিত শিল্পী জুবিন গাৰ্গক কেন্দ্ৰীয় চৰকাৰে 'ভাৰতৰত্ন' প্রদান কৰিব লাগে।
সভাই বিজ্ঞপ্তিটোত জানিবলৈ দিয়া মতে- কেন্দ্রীয় চৰকাৰৰ লগত এই সন্দর্ভত অসম সাহিত্য সভাই যোগাযোগ কৰিব। ইফালে সভাই অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো এক পত্রযোগে জুবিন গাৰ্গক মৰোণোত্তৰভাৱে 'ভাৰতৰত্ন' প্রদান কৰাৰ প্ৰসংগত যাৱতীয় ব্যবস্থা গ্রহণ কৰিবৰ বাবে আহ্বান জনোৱা হ'ব। অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিয়ে আজি এই সিদ্ধান্ত গ্রহণ কৰিছে।
No comments