Breaking News

শিৱসাগৰ জিলাৰ উশ্বু খেলুৱৈৰ সফলতাঃ অসম দলৰ হৈ পাঞ্জাৱত সোণ আৰু ব্ৰঞ্জৰ পদক জয়

শিৱসাগৰৰ পৰা ফৰিদ আলী, ১০ ডিচেম্বৰঃ পাঞ্জাৱৰ চাৰেবাল জিলাৰ ‘বাবা বুদ্ধ চাহেব দেৱান হল’ত ১ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত ২৪ তম চাব জুনিয়ৰ নেশ্যনেল উশ্বু প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ উশ্বু সন্থাৰ খেলুৱৈসকলে অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি সুকীয়া সফলতা অৰ্জন কৰিছে। এই প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলৰ মাজত নিবিৰ চেতিয়া, শ্যামলজ্যোতি দুৱৰা, অংকিতা চেতিয়া আৰু চন্দিকা চেতিয়া উল্লেখযোগ্য।

নিবিৰ চেতিয়াই ২১ কেজি শাখাত ব্ৰঞ্জৰ পদক, শ্যামলজ্যোতি দুৱৰাই ২৪ কেজি শাখাত ব্ৰঞ্জৰ পদক, অংকিতা চেতিয়াই ৩৬ কেজি শাখাত সোণৰ পদক আৰু চন্দিকা চেতিয়াই ৪২ কেজি শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

শিৱসাগৰ জিলাৰ উশ্বু ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পৱন বড়াই এই সফলতাৰে গৌৰৱান্বিত হৈ খেলুৱৈসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে খেলুৱৈসকলৰ পাৰদৰ্শিতাক শিৱসাগৰ জিলা উশ্বু সন্থাৰ উদ্যোগত ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগণত আদৰণি আৰু সম্বৰ্দ্ধনা জনোৱা হয়।

অসম দলৰ প্ৰশিক্ষক হিচাপে ৰাহুল বসুমতাৰীয়ে দলটোক নেতৃত্ব দিয়াৰ লগতে উল্লেখ কৰে যে, অসমৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি আগন্তুক প্ৰতিযোগিতাৰ বাবে এক শক্তিশালী পৰিসৰৰ সূচনা কৰিছে। ডিমৌৰ বিভিন্ন সংগঠনৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈসকলৰ এই অভূতপূর্ব সফলতাৰ বাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। শিৱসাগৰ জিলাৰ উশ্বু খেলুৱৈসকলৰ এই সফলতাই ৰাজ্যৰ খেলাঙ্গনত এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা সকলে।

No comments