Breaking News

'জল জীৱন মিছনৰ বহনক্ষমতা'ৰ ওপৰত 'কনভাৰ্জেঞ্চ কৰ্মশালা'

নিউজ ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 'জল জীৱন মিছনৰ বহনক্ষমতা'ৰ ওপৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অসম জল জীৱন মিছনে(JJM) অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, খানাপাৰাত আয়োজন কৰা এক 'কনভাৰ্জেঞ্চ কৰ্মশালা'ত উপস্থিত হৈ সকলোকে সম্বোধন কৰে। উল্লেখযোগ্যযে, জিলা পৰিষদৰ CEO,  DRDA-ৰ প্ৰকল্প পৰিচালক আৰু জিলাসমূহৰ JJM-ৰ নোডেল অফিছাৰ সকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত জল জীৱন মিছনৰ বহনক্ষম সম্প্ৰসাৰণৰ বাবে কৰিবলগীয়া সঠিক পৰিকল্পনাৰ লগতে অন্যান্য বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ আজিৰ অনুষ্ঠানত জল জীৱন মিছন অসম আৰু বাংগালুৰুত অৱস্থিত ৰাজহুৱা দাতব্য ন্যাস ’অৰ্ঘ্যম’ৰ মাজত ২ বছৰৰ বাবে এক অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে অসমত জল জীৱন মিছন ৰূপায়ণত ডিজিটেল আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তা(AI)-ৰ প্ৰয়োগেৰে ৰাজ্যখনৰ প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ কাৰ্যকৰী টেপ সংযোগ (FHTC) সুনিশ্চিত কৰি সুৰক্ষিত খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

No comments