চচল শাখা লেখিকা সমাৰোহৰ প্ৰতিষ্ঠা দিৱসঃ আত্মা অবিহনে কবিতাৰ সৃষ্টি হ'ব নোৱাৰে - কবি নীলিম কুমাৰ
গুৱাহাটী ২২ মে': চচল শাখা লেখিকা সমাৰোহ সমিতিৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ২১ মে' ২০২৪ মঙ্গলবাৰে উলহ-মালহেৰে স্থানীয় চচল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ দাস সভাগৃহত অনুষ্ঠিত হয়। পুৱা ৯-০০ বজাত শাখাৰ সভানেত্ৰী প্ৰণীতা শৰ্মাই পতাকা উত্তোলন কৰে । বন্তি প্ৰজ্বলন কৰে উপদেষ্টা হিৰন্ময়ী নাথে । শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কামৰূপ মহানগৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা শেৱালি ভাগৱতীয়ে। আবেলি ৩-০০ বজাত মুকলি সভাত সভাপতিত্ব কৰে সভানেত্ৰী প্ৰনীতা শৰ্মাই । সম্পাদিকা চিত্ৰা দাসে আদৰণি ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী,কামৰূপ(ম) জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা শ্ৰী নীলিমা বৰাই সাৰুৱা ভাষণ প্ৰদান কৰে । বিশিষ্ট অতিথিৰ আসনৰ পৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী ,কামৰূপ(ম) জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী দৰ্পনা বৰা নেওগে উদ্বোধনী ভাষণ আগবঢ়ায় । সভাত শাখাৰ উপদেষ্টা হিৰন্ময়ী নাথে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । শাখাৰ পৰা প্ৰকাশিত এখনি কবিতাপুথি 'একুঁকি বাখৰুৱা কবিতা ' উন্মোচন কৰে অসমৰ এগৰাকী বিশিষ্ট কবি নীলিম কুমাৰে । উন্মোচনী ভাষণত তেখেতে কয় যে, আত্মা অবিহনে সাৰ্থক কবিতাৰ সৃষ্টি হ'ব নোৱাৰে। এক মননশীল বক্তব্যৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে কবি নীলিম কুমাৰে ৷ সভাত চচল শাখাৰ সদস্যা সকলে-ক্ৰমে চিত্ৰা দাস,অলকানন্দা মহন্ত, মালা শৰ্মা, বাণী বৰুৱা, লনী দত্ত, নীলিমা গোস্বামী শৰ্মা, মঞ্জু দাস, ড° মঞ্জুলা হুচেইনে অপৰ্ণা শইকীয়া আৰু শান্ত্বনা দাস বৰ্মনে যুগুত কৰা এখনি সংগীতালেখ্য 'ঐতিহ্যপূৰ্ণ অসমৰ লোকগীতৰ কলৰৱ' পৰিৱেশণ কৰে। সভাত কবি নীলিম কুমাৰৰ সহধৰ্মিনী পুষ্পাঞ্জলি গোস্বামীয়ে কবি গৰাকীৰ এটি কবিতা আবৃত্তি কৰি সমজুৱাক মুগ্ধ কৰে । সভাত শাখাৰ সদস্যা জেছমিনা ইছলাম আৰু মণিদীপা ভট্টাচাৰ্য্যই চমু বক্তব্য প্ৰদান কৰে । সভাৰ অন্তত শাখাৰ সহ-সম্পাদিকা শান্ত্বনা দাস বৰ্মনে শলাগৰ শৰাই আগবঢ়ায় । অসম সংগীতেৰে সভাৰ সামৰণি পৰে ।
No comments