শিৱসাগৰৰ দুৰ্ঘটনাত আহত মহিলালৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক
শিৱসাগৰঃ বিগত বৰ্ষৰ ৩ মে'ত শিৱসাগৰ পৌৰসভাই যমুনা ৰোডত নলা চাফা কৰোতে ভুলবশত গেছ পৰিবাহী পাইপ জেচিবিয়ে ছিঙি পেলোৱাৰ ফলত ওচৰতে এখন সৰু দোকান দি থকা অবিস্মিতা দাস আৰু এটি কণমানি গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু পৰৱৰ্তী সময়ত কণমানিটোৰ চিকিৎসালয়ত মৃত্যু ঘটে। প্ৰায় ৭০ শতাংশ অগ্নিদগ্ধ হোৱা অবিস্মিতা দাস জীৱন মৃত্যুৰে সৈতে যুঁজি বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে দিয়া সাহায্যৰে চিকিৎসা চলাই আছিল সুদূৰ দিল্লীৰ চিকিৎসালয়ত। চিকিৎসা কৰিবলৈ আৰু বহু অৰ্থৰ অভাব হৈছিল সেয়েহে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অবিস্মিতা দাসৰ পৰিয়াললৈ অনুসূচীত জাতিৰ মৰ্চাৰ ৰাজ্যিক সভাপতি জিতু হাজৰিকাৰ নেতৃত্বত যোৱা এটা সঁজাতিদলে ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। উপস্থিত থাকে অ বি চি উন্নয়ন বৰ্ডৰ হেমন্ত গগৈৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি।
No comments