Breaking News

কাৰ্বি-আংলং নেপালী ছাত্ৰ সন্থাৰ (KANSU) উদ্যোগত বৰলেংৰীত ক্ৰীড়া সমাৰোহ


বোকাজান, ১০ জানুৱাৰীঃ কাৰ্বি-আংলং নেপালী ছাত্ৰ সন্থাৰ (KANSU) উদ্যোগত তথা বোকাজান জিলা সমিতিৰ সহযোগত আৰু বোকাজান জিলা সমিতিৰ সভাপতি প্ৰসাদ ৰায়, সাধাৰণ সম্পাদক খিম চেত্ৰীৰ নেতৃত্বত যোৱা ৬ আৰু ৭ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ বৰলেংৰীৰ ২ নং খণ্ডত দুদিনীয়া "ক্ৰীড়া সমাৰোহ" আয়োজন কৰা হয়। বোকাজান জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰী অনিল কাৰ্কীয়ে আঁত ধৰা দুদিনীয়া ক্ৰীড়া সমাৰোহৰ নেতৃত্ব বহন কৰে ক্ৰীড়া সচিব শ্ৰী অৰ্জুন শৰ্মাই। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ হিল পিপ'ল কালচাৰেল ফ'ৰামৰ (HPCF) কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ শ্ৰী লাইচান ইংলেঙে। ইয়াৰোপৰি  উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জিতু ফুকন, ৰাজু ইংলেং, কাঞ্চুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তিলক ৰিজাল, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বসন্ত ছেত্ৰী, ৰশ্মি চুব্বা, ঈশ্বৰ উপাধ্যায়, নেপালী সুৰক্ষা পৰিষদৰ  হীৰা সিং, ৰেৱতী শৰ্মা, মহেন্দ্ৰ ছেত্ৰী, বাবুৰাম লামাকে আদি কৰি বহু গণ্যমান্য ব্যক্তি। শেষত, ফুটবল আৰু ভলীবল দলৰ (পুৰুষ আৰু মহিলা) বিজয়ী আৰু ৰানাৰ্ছ-আপ দলক ট্ৰফী, নগদ ধনৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।

No comments