Breaking News

নতুন দিল্লীত কল্যাণ বৰুৱা স্মাৰক বঁটা, ২০২৩ প্রদান সর্বানন্দ সোণোৱালৰ "পক্ষপাতহীন আৰু বস্তুনিষ্ঠ সাংবাদিকতাই সত্যক প্রতিফলিত কৰে": সর্বানন্দ সোণোৱাল


নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি নতুন দিল্লীত আয়োজিত কল্যাণ বৰুৱা স্মাৰক বঁটা, ২০২৩ প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰয়াত জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত নৰ্থ-ইষ্ট মিডিয়া ফ'ৰাম (এনইএমএফ)ৰ দ্বাৰা এই বঁটা প্ৰৱৰ্তন কৰা হৈছে। লক্ষ্য হৈছে সংবাদ সেৱাৰ ক্ষেত্ৰত উৎকৃষ্ট অৱদান আগবঢ়াই অহাসকলক সন্মানিত কৰি সমাজলৈ এক ইতিবাচক বার্তা প্ৰেৰণ কৰা। অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ৰাষ্ট্ৰীয় পৰ্যায়ত সাংবাদিকতাৰ ক্ষেত্ৰত এক গভীৰ সাঁচ পেলোৱা অসমৰ অন্যতম খ্যাতনামা সাংবাদিক স্বর্গীয় কল্যাণ বৰুৱাক স্মৰণ কৰাৰ বাবে আমি আজি গোট খাইছোঁ। কল্যাণ বৰুৱাৰ সমৃদ্ধ সংবাদ সেৱা আৰু কৰ্মৰাজিক স্মৰণীয় কৰাৰ বাবে তেওঁৰ স্মৃতিত প্ৰৱৰ্তন কৰা এই বঁটাই সংবাদ জগতত নিষ্ঠাপূর্ণ সেৱা আগবঢ়াই অহা সাংবাদিকসকলক অনুপ্রাণিত কৰিব। কল্যাণ বৰুৱাৰ পক্ষপাতহীন আৰু নিৰপেক্ষ কৰ্মৰাজিৰ পৰা সকলোৱে অনুপ্ৰেৰণা ল'ব পাৰে, যিয়ে অতি শুদ্ধতাৰে পাঠকসকলক সত্যটো জনাত সহায় কৰিছিল। সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি গুণগতভাৱে সংবাদ সেৱা পৰিৱেশন কৰি সত্যক পোহৰলৈ অনাটো সাংবাদিকসকলৰ কৰ্তব্য আৰু ধৰ্ম। সমাজৰ ইতিবাচক, নেতিবাচক সকলো দিশৰ পুংখানুপুংখ উপস্থাপনেৰে জনতাক সচেতন কৰাত সংবাদ মাধ্যমৰ ভূমিকা অনস্বীকার্য। সংবাদ মাধ্যমৰ মুক্ত ভাবধাৰা, পেছাদাৰিত্ব আৰু স্বতন্ত্রতা বজাই ৰাখি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভেটি শক্তিশালী কৰাত জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি যাবলৈ সাংবাদিকসকলক আহ্বান জনালোঁ। এইক্ষেত্রত প্রয়াত কল্যাণ বৰুৱাৰ কৰ্মৰাজি সকলোৰে বাবে পাথেয় হৈ ৰ'ব।" কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি শ্রেষ্ঠ ভিডিঅ'গ্ৰাফাৰ হিচাপে বিনোদ টামাং, শ্রেষ্ঠ ফট'গ্ৰাফাৰ হিচাপে গীতিকা তালুকদাৰ, শ্ৰেষ্ঠ ইলেক্ট্রনিক সংবাদসেৱীৰ বাবে পাৰ্থজ্যোতি বৰাক, শ্ৰেষ্ঠ প্রিন্ট সংবাদসেৱীৰ বাবে ৰঞ্জু ড'ডামক আৰু দীপক দেৱানক জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এমচিইউ-ৰ উপাচার্য কে জি সুৰেশ, মাই হ'ম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰ, গুৱাহাটীৰ নৰ্থ-ইষ্ট মিডিয়া ফ'ৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাৰ উপৰি আইনজীৱী বলদেৱ ৰাজ সচদেৱ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। লগতে বক্তব্য ৰাখি সর্বানন্দ সোণোৱালে আজি কয়, "মই নর্থ-ইষ্ট মিডিয়া ফ'ৰাম আৰু মাই হ'ম ইণ্ডিয়াই কল্যাণ বৰুৱা বঁটা, ২০২৩ প্ৰৱৰ্তন কৰাৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰিছোঁ আৰু কল্যাণ বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰি বঁটা লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছো।"

No comments