Breaking News

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিনজিয়া আঞ্চলিকৰ ৩১ জনীয়া নতুন সমিতি গঠন

বিহালী, ৯ অক্টোবৰঃ বিহালী সমষ্টিৰ জিনজিয়াত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জিনজিয়া  আঞ্চলিক সমিতিৰ এখনি বিশেষ প্ৰতিনিধি  সভা অনুষ্ঠিত হয় ।  ৰতোৱা ৰংঘ মঞ্চত অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতি মুখ্য সম্পাদক অনিল বনীয়াই । এই  বিশেষ প্ৰতিনিধি সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি মুখ্য সাংগঠনিক  সম্পাদক অনিল বনীয়া, বিহালী আঞ্চলিক সমিতি সম্পাদক কৃষ্ণ ৰাজগড় আৰু বিহালী আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক তিৰ্য্যক জ্যোতি গোস্বামীৰ লগতে জিলাৰ সমিতি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । আজিৰ এই বিশেষ কাৰ্যনিৰ্বাহ  সভাত পুৰণি আঞ্চলিক সমিতিখন ভংগ কৰি নতুন আঞ্চলিক সমিতি গঠন কৰা হয়। নতুন আঞ্চলিক সমিতিখনৰ সভাপতি হিচাপে কৃষ্ণা বৰা, উপ সভাপতি হিচাপে নৱ জ্যোতি বৰা, সাধাৰণ সম্পাদক- দিপাংকৰ পাল, শ্লোক দত্ত, সহকাৰী সম্পাদক নৱকিশোৰ বৰুৱা, লগতে বিকাশ খাকলাৰী বিত্ত সম্পাদকসহ ৩১  জনীয়া সদস্যৰে এক শক্তিশালী সমিতি নিৰ্বাচিত কৰা হয়। আনহাতে অনাগত দিনত এই সমিতিখনে শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন সামাজিক সমস্যা সমাধানৰ হেতুকে সবল নেতৃত্ব গ্ৰহণৰ শপত গ্ৰহণ কৰে। 

No comments