Breaking News

"প্ৰধান মন্ত্ৰীৰ সপোন সাকাৰ কৰাৰ বাবে কাৰিকৰ শিল্পী সকলে নিস্হা আৰু সততাৰে কাম কৰিব লাগিব"-পিএম বিশ্ব কৰ্মা আচঁনি সন্দৰ্ভত গুৱাহাটীৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল


গুৱাহাটী, ১৭ছেপ্তেম্বৰ: "প্ৰধান মন্ত্ৰীৰ সপোন সাকাৰ কৰাৰ বাবে কাৰিকৰ শিল্পী সকলে নিস্হা আৰু সততাৰে কাম কৰিব লাগিব" - দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্বাৰকাৰ যশোভূমিত নতুন ভাৰতৰ কাৰু শিল্পীসকলৰ দক্ষতাক সন্মান জনোৱাৰ অৰ্থে আগবঢ়োৱা  পি এম বিশ্বকৰ্মা আচঁনিৰ শুভাৰম্ভণি অনুষ্ঠানৰে সংগতি ৰাখি স্হানীয় শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত  আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি কেন্দ্রীয় জাহাজ, বন্দৰ আৰু জলপথ তথা আয়ূষ দপ্তৰৰ মন্ত্রী সৰ্বানন্দ সনোৱালে  এইদৰে কয়।  কাৰিকৰ শিল্পীসকলৰ দক্ষতাক সুনিপুন কৰাৰ বাবে বৈজ্ঞানিক ধ্যান ধাৰণাৰে আগবঢ়াই নিবলৈ, নৱ ভাৰতৰ বিশ্বকৰ্মাসকলৰ দক্ষতাক বিশ্ব মঞ্চত পৰিচয় কৰাই দিয়াৰ লগতে শ্ৰদ্ধা জনোৱাৰ অৰ্থে লোৱা এই পদক্ষেপক দৃষ্টান্ত মূলক পদক্ষেপ বুলিও কেন্দ্রীয় মন্ত্রী সনোৱালে মন্তব্য কৰে। প্ৰায় ১৩ৰপৰা ১৬ হেজাৰ কোটি টকা পৰ্যন্ত ব্যয় হ'ব লগা এই আঁচনিৰ জৰিয়তে দেশ শক্তিশালী কৰাত আত্মনিয়োগৰ বাবে বিশ্ব কৰ্মা সকলে সুযোগ লাভ কৰিছে বুলি প্ৰকাশ কৰি কেন্দ্রীয় মন্ত্রী গৰাকীয়ে ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনোৱা উচিত বুলিও কয়। পৰিবৰ্তনৰ বাবে সততা আৰু নিস্হাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে প্ৰদান কৰা এই সুযোগৰ শিল্পী সকলে সদ ব্যৱহাৰ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা এই আচনিখনৰ জৰিয়তে ১৮ বিধ শিল্প কৰ্মৰে জৰিত শিল্পী সকলে দক্ষতাৰে  জীৱনক আগুৱাই নিব পাৰিব বুলি মন্তব্য কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ উদ্ধৃতি দি মন্ত্ৰী বড়াই কয় যে নিজ হাত আৰু সা-সজুলি ব্যৱহাৰ কৰি কায়িক শ্ৰমেৰে বিভিন্ন সামগ্রী নিৰ্মাণ কৰা কোটি কোটি বিশ্বকৰ্মাই হৈছে  আমাৰ দেশ খনৰ নিৰ্মাতা। উল্লেখ্য যে এই আচনিৰ জৰিয়তে তিনি লাখ টকা পৰ্যন্ত সুৰক্ষিত ৰিন, ১৫ হেজাৰ টকা পৰ্যন্ত টুল কিট আৰু দক্ষতা প্ৰশিক্ষণ তথা বৃত্তি প্রদান কৰা হব। ৰাজ্য চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে আয়োজন কৰা এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজায়ো ভাষণ প্ৰদান কৰে। সভাত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, ৰাজ্য সভা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সাংসদ ৰমেন ডেকা, সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, উদ্যোগ বিভাগৰ সচিব ড০ লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং উপস্থিত আছিল৷বিশিষ্ট ব্যক্তি সকলে পাছত বৃহৎ স্ক্ৰিনত নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদীৰ পিএম বিশ্বকৰ্মা আচঁনিৰ উদ্বোধনী অনুষ্ঠান প্ৰত্যক্ষ কৰে। মূল অনুষ্ঠানৰ পূর্বে কেন্দ্রীয় মন্ত্রী সনোৱাল,উদ্যোগ মন্ত্রী বিমল বড়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত চৌহদত গছ পুলি ৰোপণৰ এক কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে। 

No comments