লাহৰীজানত হেৰʼইনসহ সৰবৰাহকাৰী আটক
বোকাজান, ২২ আগষ্টঃ আজি বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে অভিযান চলাই হেৰʼইনসহ এটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত তথা খটখটী থানাৰ উপ পৰিদৰ্শক স্বমদৌন স্বৰ্গীয়াৰীৰ সহযোগত আৰক্ষী আৰু ২০ নং চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে লাহৰীজানত তালাচী অভিযান চলায়। উক্ত অভিযানত অভিযানকাৰী দলটোৱে ডিমাপুৰৰ দিশৰ পৰা চাইকেলেৰে আহি থকা এজন মাছ ব্যৱসায়ীৰ মোনাত তালাচী চলাই এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১২.৯০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও জিলাৰ জুৰিয়া মেলেকা ধিঙৰ চুলমান আলি (৩০) নামৰ মাছ বেপাৰী জনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, জব্দকৃত হেৰ'ইনখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় ১ লাখ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
No comments