মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'বঃ অৰ্ণৱজ্যোতি কাকতি
যোৱা ৩১ মে'ত আছুৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি আছুৰ প্ৰতিখন আঞ্চলিকে অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে। বোকাজানতো এই কাৰ্যসূচী ৰূপায়ন কৰে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই। এই অনশন কাৰ্য্যসূচীত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি কাকতিয়ে সংবাদ মাধ্যমৰ আগত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজীত অধ্যয়ন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী এই হঠকাৰী সিদ্ধান্ত কোনোপধ্যেই গ্রহণযোগ্য নহয়। এই সিদ্ধান্ত বাতিল নহ'লে আন্দোলনৰ কাৰ্যসূচী চলি থাকিব বুলি মন্তব্য কৰে।
No comments