শিৱসাগৰত বিশ্ব ভূমি দিৱস উদযাপন
শিৱসাগৰ, ১২ ডিচেম্বৰঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শিৱসাগৰতো বিশ্ব ভূমি দিৱস উদযাপন কৰা হয়। ইশা ফাউণ্ডেশ্যনৰ উদ্যোগত তথা জয়সাগৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত ঐতিহাসিক ৰংঘৰৰ সন্মুখত এই বিশ্ব ভূমি দিৱস উদ্যাপন কৰা হয় ।মাটি বচাওক শীৰ্ষক এক ধাৰণাৰে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাসায়নিক সাৰৰ প্ৰয়োগ বন্ধ কৰি ভূমিৰ প্ৰাকৃতিক বৈশিষ্ট্য ৰক্ষা কৰাৰ আহ্বানেৰে এক সজাগতামূলক বক্তব্য প্ৰদান কৰে উপস্থিত থকা সমল ব্যক্তিসকলে । এই সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাধনা বৰঠাকুৰ, প্ৰকৃতিপ্ৰেমী নৱজ্যোতি শইকীয়া, জাকিৰ হুছেইন, প্ৰাঞ্জল দত্ত প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিয়ে ।

No comments