Breaking News

সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উজ্বলিল দাতিয়ালবড়ীৰ ৱাহিদুৰ ৰহমান

লাহৰিঘাট, ৮ ছেপ্তেম্বৰঃ সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাৰ ফলাফলত মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ দাতিয়ালবড়ী গাঁৱৰ ক্ষুদ্র ব্যৱসায়ী ফাইজুৰ ৰহমান আৰু মাতৃ ৰাহিমা খাতুনৰ সু-পুত্র ৱাহিদুৰ ৰহমানে সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত সৰ্বমুঠ ৭২০ নম্বৰৰ ভিতৰত ৫৭৫ নম্বৰ পাই সফলতাৰে উত্তীর্ণ হৈ পৰিয়ালৰ লগতে লাহৰীঘাটবাসীলৈ গৌৰৱ কঢ়িয়াই অনাত পুৱাৰ পৰা শুভাকাংক্ষীসকলে সম্বৰ্দ্ধনা জনাই উৎসাহ-উদ্দীপনা যোগাই আছে। অৱশ্যে ৱাহিদুৰ ৰহমানে ইয়াৰ আগতেও চেষ্টা অব্যাহত ৰাখিছিল যদিও এইবাৰ আজমল চুপাৰ ৪০ ত কচিং চেণ্টাৰত পাঠদান লোৱাত সাফল্য লাভ কৰে।

No comments