Breaking News

"ৰ'দালি প্ৰকাশন" আৰু "ৰ'দালি" কাব্যালোচনীৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত কবি নীলিম কুমাৰ

ধনশিৰি, ০৬ ছেপ্তেম্বৰঃ দৈয়াং-ধনশিৰিৰ সমন্বয় ক্ষেত্ৰ ধনশিৰি মহকুমাত কেইজনমান স্বনামধন্য ব্যক্তিৰ অপ্ৰাণ চেষ্টাত বিগত ২০২১বৰ্ষৰ ছেপ্তেম্বৰ মাহত জন্মগ্ৰহণ কৰা মাহেকীয়া কবিতা আলোচনী "ৰ'দালি"য়ে সফলতাৰে এটি বছৰ সম্পুৰ্ণ কৰিলে। সেয়েহে, এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অসমৰ বিশিষ্ট কবি নীলিম কুমাৰ তথা বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক/কবিৰ উপস্থিতিত দিনযোৰাকৈ প্ৰথম"বৰ্ষপূৰ্তি" অনুষ্ঠানৰ আয়োজন কৰে। এই বৰ্ষপূৰ্তি অনুষ্ঠানতে ৰ'দালি প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা প্ৰায় দহখনকৈ গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানৰ মজিয়াতে বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা পাণ্ডুলিপি আৰু স্বৰচিত কবিতা প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও ৰ'দালি কাব্য বঁটা তৰা বৰুৱাক আৰু ২০২২ বৰ্ষৰ "ৰ'দালি সংবাদসেৱা বঁটা" সৰুপথাৰৰ সাংবাদিক মন্টু শৰ্মাক প্ৰদান কৰে। বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ স্বনামধন্য কবি নীলিম কুমাৰ, নিৰ্দিষ্ট বক্তা হিচাপে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকন আৰু আমন্ত্ৰিত অতিথি হিচাপে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা মণিপ্ৰভা বৰুৱা, চলচিত্ৰ নিৰ্মাতা ৰবিন চেতিয়াকে ধৰি বহুকেইজন বিশিষ্ট কবি সাহিত্যিক উপস্থিত থাকে। মুখ্য অতিথি নীলিম কুমাৰে তেওঁৰ স্বৰচিত কবিতা পাঠ কৰাৰ উপৰিও ন কবিসকলক কবিতাৰ বিষয়বস্তুৰ ওপৰত যথেষ্টখিনি মূল্যবান কথা উল্লেখ কৰে। ৰ'দালিৰ সম্পাদিকা স্পনানী গগৈ চেতিয়া আৰু সম্পাদক মহেশ্বৰ বসুমতাৰীকে ধৰি অসমৰ বিভিন্ন ন-পুৰণি কবিসকলৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ ফলত সৰুপথাৰত জন্মলাভ কৰা ৰ'দালি প্ৰকাশন আৰু ৰ'দালি মাহেকীয়া কাব্যালোচনীয়ে সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা লাভ কৰিছে।

No comments