Breaking News

সৰুপথাৰত প্ৰাণতোষ দাস ফাউণ্ডেচন, ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ উদ্যোগত পথৰ পুথিভঁৰাল উদ্ধোধন

ধনশিৰি, ৫ চেপ্তেম্বৰঃ প্ৰাণতোষ দাস ফাউণ্ডেচন আৰু ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি সৰুপথাৰত পথৰ পুথিভঁৰাল উদ্বোধন কৰা হয়। সৰুপথাৰ নগৰত গান্ধীমূৰ্তিৰ সমীপত পথৰ পুথিভঁৰাল উদ্ধোধন কৰে, গোলাঘাট ডি আৰ কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আৰু অসমৰ বিশিষ্ট সাহিত্যিক, কবি নিলীম কুমাৰে। উদ্ধোধনী ভাষণ আগবঢ়াই গোলাঘাটৰ বিশিষ্ট ব্যক্তি তথা ডি আৰ কলেজৰ অধ্যাপক দেৱজিৎ ফুকনে। অনুষ্ঠানত উপস্থিত থাকে অসমৰ অন্যতম কবি মহেশ্বৰ বসুমতাৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিণয়ন ভূঞা, গোলাঘাট জিলা সংবাদিক সংস্থাৰ সম্পাদক দীপেন বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলি, উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সম্পাদক, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ জিলা সভাপতি বনিফ্ৰাৰ্ষ্ট গগৈ, অন্যপথ গোষ্ঠীৰ সম্পাদক শোষান্ত কৃষ্ণ শৰ্মা, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি অভিজিৎ চুতীয়া, সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণী ডেকাকে আদি কৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি। স্থানীয় ৰাইজে পুথিভঁৰালটোৰ যোগেদি অঞ্চলটোৰ ৰাইজৰ মাজত এটা যুগান্তকাৰী প্ৰভাৱ আৰু বৌদ্ধিক অনুশীলনৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰে।

No comments