ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
ব্যুৰ' ডেস্ক, ৩ ছেপ্তেম্বৰঃ আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস । অৰ্জুন ভুগেশ্বৰ বৰুৱাৰ জন্মস্থান শিৱসাগৰতো উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস। ৰংপুৰজ্যোতি ক্লাবৰ উদ্যোগত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত উদযাপন ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। বছৰি অৰ্জুন ভুগেশ্বৰ বৰুৱাৰ জন্ম দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে অৰ্জুন ভুগেশ্বৰ বৰুৱা । চৰকাৰক সঠিক ক্ৰীড়া নীতি কাৰ্য্যকৰী কৰাৰ আহ্বান অজুৰ্ন ভুগেশ্বৰ বৰুৱাৰ। খেলুৱৈক কেৱল টকা, চাকৰি দিলেই নহয়, সঠিক ক্ৰীড়া নীতি কাৰ্যকৰী কৰিব লাগে বুলি মন্তব্য অৰ্জুন ভুগেশ্বৰ বৰুৱাৰ। উল্লেখযোগ্য যে, আজি অৰ্জুন ভুগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক জন্ম দিৱস। ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত লাভ কৰিছিল সোণৰ পদক। আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহালী সমষ্টিৰ অন্যতম সামাজিক অনুষ্ঠান উদ্দীপ্ত চ'ৰাৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন অভিৰুচি ক্ৰীড়া দিৱসটি দুদিনীয়া কাৰ্যসূচীৰে আজি সামৰণি পৰে। ২ছেপ্তেম্বৰ তাৰিখে পুৱা ৬ বজাত অনুষ্ঠিত হোৱা ধৰ্মেশ্বৰ বৰা সোঁৱৰণী হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাত প্ৰায় তিনিশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত গধুৰ বস্তু আৰু ডিচকাচ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি ৩ চেপ্তেম্বৰ তাৰিখে পুৱা উদ্দীপ্ত চ'ৰাৰ সভাপতি জয়ন্ত বৰাই উদ্দীপ্ত চ'ৰাৰ পতাকা উত্তোলন কৰাৰ পাছতে মিনি, ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত জিলাখনৰ প্ৰায় পাঁচ শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহণৰে এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত বেদেতী চাহ বাগিচা খেল পথাৰত বটাঁ বিতৰণ ও সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা তেজপুৰৰ বিশিষ্ট ভলীবল খেলুৱৈ ৰাজেন ভূঞা আৰু বিহালী বৰাজুলীৰ বিশিষ্ট সমাজকৰ্ম্মী গণেশ বৰাক সম্বৰ্ধনা জনায়। দীপক শৰ্মা আৰু জয়ন্ত বৰাই আঁত ধৰা আনুষ্ঠাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই। আমন্ত্ৰিত আতিথি হিচাপে সভাত উপস্থিত থাকে ঘাঁহিগাও ক্ৰীড়া সন্থাৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকা, কৃতি গোস্বামী, দত্তদেব শৰ্ম্মা। ক্ৰীড়া দিৱসটি সফল কৰাৰ ক্ষেত্ৰত বিজয় কুমাৰ লিম্বু, উমা বৰা, জ্যোতি বৰা, কৰ্নেশ্বৰ লাহন, নিপেন কটকী, দিলীপ বৰা, পল বৰা, প্ৰবীণ আগৰৱালা প্ৰমুখ্যে কৰি বহুজনে সেৱা আগবঢ়ায়।
No comments