Breaking News

গোলাঘাট জিলা নেট বল দল বাচনি

ধনশিৰি, ৩০ আগষ্টঃ অহা ৯ চেপ্তেম্বৰৰ পৰা ১১ চেপ্তেম্বৰলৈ যোৰহাট জিলাৰ মৰিয়নিত অনুস্থিত হ’ব লগা আন্ত:জিলাৰ নেট বল প্ৰতিযোগিতাৰ বাৱে যোৱা ২৮ আগষ্টত গোলাঘাট জিলাৰ ১৯ বছৰৰ অনুৰ্দ্ধৰ আৰু ১৬ বছৰৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালীৰ চাৰিওটা দল বাচনি কৰা হয় ৷ দেওবাৰে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলাখনৰ প্ৰায় শতাধিক খেলুৱৈৰ মাজৰ পৰা ল’ৰাৰ জুনিয়ৰ আৰু চাব্‌ জুনিয়ৰ দল দুটাৰ লগতে ছোৱালীৰ জুনিয়ৰ আৰু চাব্‌ জুনিয়ৰ দল দুটাৰ বাচনি কৰা হয়। দল কেইটা নিৰ্বাচন কৰোতে মূখ্য নিৰ্বাচক হিচাপে উপস্থিত থাকে বিজয় শইকীয়া আৰু তোষেশ্বৰ বৰুৱা। অন্যহাতে খেলসমূহ পৰিচালনা কৰে মিতুকম্পনা বড়ো আৰু পুলিন শইকীয়াই। বাচনি প্ৰক্ৰিয়াত উপস্থিত থাকে ভৱানন্দ লাহনকে আদি কেইবাগৰাকী ক্ৰীড়া সংগঠক।

No comments