Breaking News

সদৌ অসম পলট্ৰি কৃষক সন্থাৰ নতুন মহকুমা সমিতি গঠন

ধনশিৰি, ২২ আগষ্টঃ সদৌ অসম পলট্ৰি কৃষক সন্থায়ে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত গঠন কৰে এখন নতুন মহকুমা সমিতি। সৰুপথাৰৰ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত ধনশিৰি মহকুমাৰ ব্ৰইলাৰ পালক সন্থা নামেৰে  সুভাষ শইকীয়াক সভাপতি আৰু পৰাগ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন মহকুমা সমিতি গঠন কৰা হয় । সভাত কয় যে, ব্ৰইলাৰ পালকসকলে কোম্পানীসমূহৰ পৰা যেনেধৰণৰ সুবিধা পাবৱ লাগে তেনেধৰণে সুবিধা লাভ নকৰাৰ বাবে ব্ৰইলাৰ পালকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ পৰিণতিত ব্ৰইলাৰ পালকসকল লোকচানৰ সন্মুখীন হৈছে । আনহাতে উক্ত সভাত অনতিপলমে কোম্পানীসমূহৰ পৰা যি যি সুবিধা আছে সেই সুবিধাসমূহ দিবলৈ সকিয়নী প্ৰদান কৰি বিভিন্ন লোকে মত ব্যক্ত কৰে । লগতে কয় যে, ব্ৰইলাৰ পালকসকলক কোম্পানীয়ে যি অন্যায় অত্যাচাৰ কৰি আহিছে বা ভয় ভাবুকি দি আহিছে সেইসমূহ বন্ধ নকৰিলে ধনশিৰি মহকুমা সমিতি ব্ৰইলাৰ পালক সন্থায়ে অনাগত দিনত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে ।

No comments