Breaking News

হাঁহচৰাত ৰাস মহোৎসৱৰ উদ্‌যাপন সমিতি গঠন

শিৱসাগৰ, ২১ আগষ্টঃ শিৱসাগৰ জিলাৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ প্ৰেক্ষাগৃহত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদ্‌যাপনৰ সন্দৰ্ভত আজি এখন ৰাজহুৱা সভা অনুস্থিত হয়। বৃহত্তৰ হাঁহচৰা আৰু চেৰেকাপাৰবাসী ৰাইজৰ সহযোগত উদ্‌যাপন কৰিবলৈ লোৱা ৰাস মহোৎসৱৰ উদযাপন সমিতিত উমেশ গোঁহাইক সভাপতি আৰু অৰুণ ফুকনক সম্পাদক হিচাপে লৈ গঠন হোৱা উদ্‌যাপন সমিতিত আঠখন উপসমিতি গঠনৰ কথা উদ্যোগক্তাসকলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। উল্লেখ্য যে, ৰাসত অভিনয়ৰ ক্ষেত্ৰত বোলছবি জগতৰ ভালে কেইগৰাকী অভিনেতা-অভিনেত্ৰীক আমন্ত্ৰণ জনোৱাৰ বিষয়ে সদৰি কৰে।

No comments