লাহৰিঘাটত সজাগতা সমদল বাহিৰঃ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত
লাহৰিঘাট, ১০ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ১৩-১৫ আগষ্টলৈকে প্ৰতি ঘৰতে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ চৰকাৰে আহব্বান জনাইছে। হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ তৰফৰ পৰা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ভূৰাগাঁও নতুন বজাৰৰ পৰা গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে এক সজাগতা সমদল উলিয়ায়। সজাগতা সমদলত ভূৰাগাওঁ ৰাজহচক্ৰৰ চক্ৰ বিষয়া, লাট মণ্ডল, গাওঁবুঢ়াসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
No comments