খেলুৱা মণ্ডল বিজেপি যুৱ মৰ্চাৰ উদ্যোগত যোগদান কাৰ্যসূচী
শিৱসাগৰঃ শিৱসাগৰ জিলা অ.বি.চি. ব'ৰ্ডৰ অধ্যক্ষ হেমন্ত গগৈ, বিজেপি খেলুৱা মণ্ডলৰ সভাপতি ৰুবুল বড়া, জিলা যুৱ মৰ্চাৰ উপ-সভাপতি সমীৰণ বৰদলৈ, খেলুৱা মণ্ডল যুৱ মৰ্চা সভাপতি টৈল্য গগৈ, মহিলা মৰ্চাৰ খেলুৱা মণ্ডলৰ প্ৰভাৰী সংগীতা গগৈৰ উপস্থিতিত আজি খেলুৱা পঞ্চায়তৰ অন্তৰ্গত ১৪৪ বুথত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত যোগদান কাৰ্যসূচীত খেলুৱা মণ্ডল সাধাৰণ সম্পাদক দিবাকৰ বৰাৰ উদ্যোগত মুনমী শইকীয়া বৰুৱা আৰু কিৰণ বড়াৰ সহযোগত খেলুৱা পঞ্চায়তৰ অগপ, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ৮০ গৰাকী বিষয়ববীয়া আৰু শুভাকাংক্ষীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ আজি সভাখনত সভাপতিত্ব কৰে ১৪৪ নং বুথৰ সভাপতি পূৰ্ণানন্দ বুঢ়াগোঁহায়ে ৷
No comments