Breaking News

মৰিগাওঁত আমছুৰ শপত গ্ৰহণ অনুষ্ঠান

লাহৰিঘাট, ১৮ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ মৰিগাওঁ জিলা সমিতিৰ অন্তৰ্গত বুৰাবুৰী আঞ্চলিক আমছুৰ উদ্যোগত আমছুৰ মৰিগাওঁ জিলাৰ নৱ-নিৰ্বাচিত সমিতিখনৰ ২১তম 'শপত-গ্ৰহণ' অনুষ্ঠানটি ইকৰা এক চেলেঞ্জ একাডেমিৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইনে। সভাত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়াই নৱ-নিৰ্বাচিত জিলা সমিতিক শপত বাক্য পাঠ কৰায়। লগতে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সদস্য  ইক্ৰামুল হুছেইন, প্ৰাক্তন আমছুৰ কেন্দ্ৰীয় সদস্য ছাহজাহান আলী, আখতাৰ হুছেইন মৰিগাওঁ জিলাৰ প্ৰাক্তন সভাপতি নেকিবুৰ ৰহমান, প্ৰাক্তন কাৰ্যকৰী সভাপতি ইমৰান হুছেইন চৰকাৰ, প্ৰাক্তন উপ-সভাপতি জাকিৰ হুছেইন, অভ্যৰ্থনা সমিতিৰ সভাপতি ছামচুদ্দিন আহমেদ, সভাপতি দাৰুল হাদিছ আহমদীয়া মাদ্ৰাছা, ছামছুল আলম, হাজী আব্দুল কাদিৰ ছাহাব, উপ-সভাপতি জমিয়ত মৰিগাওঁ,  লগতে অন্যান্য প্ৰাক্তন জিলা সমিতিৰ বিষয়ববীয়া।

No comments