Breaking News

বিশ্বনাথত অসম গণ পৰিষদৰ সাংগঠনিক সভা সম্পন্ন

বিশ্বনাথ, ১১ জুনঃ অসম গণ পৰিষদৰ বিশ্বনাথ চাৰিআলি কাৰ্যালয়ত অনুষ্ঠিত হ'ল এক সাংগঠনিক সভা। উক্ত সভাত পৰ্য্যবেক্ষক হিচাপে অংশ গ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। উক্ত সাংগঠনিক  সভাত পৰ্য্যবেক্ষক  দুগৰাকীয়ে  ভাষণ প্ৰসংগত দলটোৰ সাংগঠনিক  দিশ শক্তিশালী কৰাৰ বাবে দলীয় নেতা কৰ্মীসকলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰি দলৰ হৈ প্ৰতিদিনে দুই ঘন্টাকৈ সময় দিবলৈ আহ্বান জনায়। দলৰ ভাতৃ-ভগ্নী সংগঠনবোৰৰ দায়িত্বত থকা নেতা কৰ্মীসকলক জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপনেৰে দলত নতুন নেতা-কৰ্মী আনিবলৈ চেষ্টা  চলোৱাৰ পৰামৰ্শ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণভাবে সভাখনৰ  আঁত ধৰে শান্তিৰাম কাৰ্কীয়ে । অগপৰ বিশ্বনাথ বিধান সভা পৰিষদৰ সভাপতি মদন গোহাঁইয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য  ব্যাখ্যা কৰে সম্পাদক ৰমেন ৰাউতীয়াই । সভাত প্ৰাক্তন মন্ত্ৰী  প্ৰবীন হাজৰিকাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটত থাকি নিজাববীয়াকৈ যুজঁ দিব লাগিব বুলি উল্লেখ কৰে। আনহাতে দলটোত দলীয় পুজি সংগ্ৰহৰ জৰিয়তে গাঁৱে গাঁৱে নেতা-কৰ্মীসকলে জন সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু নতুনকৈ সদস্য ভৰ্তিকৰণ, নবীকৰণ আৰু দলীয় শক্তি বৃদ্ধি  কৰিবলৈ আহবান জনাই প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাই।

No comments