Breaking News

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

শিৱসাগৰ, ২৮ মে': শিৱসাগৰ জিলা হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় । উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোহাঁই, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, জিলা প্ৰভাৰী ৰূপম গোস্বামী, সহ-প্ৰভাৰী সুভাষ দত্ত আৰু থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থাকে। উক্ত সভাত জিলাৰ বিষয়ববীয়া তথা মণ্ডল সমূহৰ প্ৰভাৰী, জিলা পৰিষদৰ তত্বাৱধায়ক, পঞ্চায়ত তত্বাৱধায়ক, সহ-তত্বাৱধায়ক, শিৱসাগৰ জিলাৰ চাৰিখন পৌৰসভাৰ সভাপতিসকল উপস্থিত থাকে৷ উল্লেখ্য যে, উক্ত সাংগঠনিক সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোহাঁয়ে সভাপতিত্ব কৰা সভাখনিত পুৱাৰ ভাগত দলীয় পতাকা উত্তোলন কৰে শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ময়ুৰ বৰগোহাঁয়ে৷ বন্তি প্ৰজ্বলন আৰু মাতৃ বন্দনা কৰে শিৱসাগৰ জিলাৰ প্ৰভাৰী ৰূপম গোস্বামী আৰু সহঃপ্ৰভাৰী সুভাষ দত্তই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিজেপিৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক প্ৰনৱ চেতিয়াই। সভাত আগন্তুক পঞ্চায়ত আৰু লোক সভাৰ নিৰ্বাচনৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে সাংসদ তপন কুমাৰ গগৈয়ে। লগতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই নিৰ্বাচনৰ বাবে দলটোৰ কৰ্মীসকলক টঙালি বান্ধিবলৈ তেজস্বী ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰ গগৈ, মানস সন্দিকৈ ৷ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনৰ সামৰণি পৰে।

No comments