Breaking News

গোচৰ ৰুজু কৰি সাংবাদিকৰ কণ্ঠ ৰোধৰ চেষ্টাঃ ডিমা হাচাও প্ৰেছ ক্লাবৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ


বোকাজান, ৩০ এপ্ৰিলঃ চৰকাৰৰ দুৰ্নীতি-অনিয়মক লোকচক্ষুৰ সন্মুখলৈ অনাৰ গুৰু দায়িত্ব পালন কৰি অহা সাংবাদিকৰ কণ্ঠ যুদ্ধ কৰাৰ বাবে ডিমা হাচাও জিলাৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ডিমা হাচাও প্ৰেছ ক্লাৱে আজি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে পংকজ তিমুং আৰু সূৰজ বৰ্মন স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি যোৱা 22 জুলাইৰ বিয়লি 2.30 বজাত দ্য আছাম ট্ৰিবিউন কাকতৰ হাফলঙৰ সাংবাদিক অনুপ বিশ্বাস আৰু নিউজ লাইভৰ সাংবাদিক স্বদীপ হাচামছা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালকক সাক্ষাৎ কৰাৰ বাবে হাফলংস্থিত কাৰ্যালয়লৈ যায়। স্মাৰক পত্ৰত উল্লেখ থকা অনুসৰি প্ৰকল্প সঞ্চালকগৰাকী দীৰ্ঘদিন ধৰি কাৰ্যালয়ত উপস্থিত নাছিল। সাংবাদিক দুগৰাকীৰ এই সন্দৰ্ভত সংবাদ পৰিবেশনৰ পিছতে অন্য সংবাদ প্ৰতিষ্ঠানসমূহেও এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰে। ইয়াতেই খৰ্গহস্ত হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াগৰাকীয়ে কেতবোৰ ভুৱা অভিযোগ তুলি গোচৰ ৰুজু কৰে। উল্লেখযোগ্য যে, প্ৰতিষ্ঠানটোৰ দুৰ্নীতি অনিয়ম সন্দৰ্ভত যাতে সংবাদ মাধ্যমে কোনো বাতৰি পৰিৱেশন কৰিব নোৱাৰে তাৰ প্ৰতি আতংকৰ সৃষ্টি কৰি পিছপৰা এলেকাসমূহত চৰকাৰী বিষয়াসকলে দায়িত্ব পালনৰ পৰা গা এৰা দি থকাৰ উদ্দেশ্যে এনে কৰা বুলি ডিমা হাচাও প্ৰেছ ক্লাৱে স্মাৰক পত্ৰযোগে অভিযোগ উত্থাপন কৰে। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে যুক্তিপূৰ্ণভাৱে সমাধানৰ বাবে আহ্বান জনোৱাৰ লগতে এনে পদক্ষেপে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে চিহ্নিত সংবাদ মাধ্যমক মুক্তভাৱে কাম কৰাৰ পৰিৱেশ সৃষ্টিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।



No comments