Breaking News

বীৰপাল সমন্বয় ক্ষেত্ৰত সাধনী দিৱসৰ প্ৰস্তুতি তুংগত

ধনশিৰি, ২০ এপ্ৰিলঃ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তথা সৰুপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু চুকীয়াপথাৰবাসী ৰাইজৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰ বীৰপাল সমন্বয় ক্ষেত্ৰ, কুশল কোঁৱৰ হাইস্কুল খেলপথাৰ প্ৰাঙ্গনত উদযাপন কৰিবলগীয়া বীৰঙ্গনা সতী সাধনী দিৱসৰ প্ৰস্তুতি দ্ৰুত গতিত চলিছে। নানান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সাধনী দিৱসত এক সাংস্কৃতিক শুভাযাত্ৰাৰো যোঁজা চলিছে। এই মঞ্চতে নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকিব অসমৰ বিশিষ্ট বুদ্ধিজীৱি ময়ুৰ বৰা আৰু মুখ্য অতিথি হিচাবে উপস্থিত থাকিব কৃষিমন্ত্ৰী অতুল বৰা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা। উক্ত অনুষ্ঠানতে প্ৰতিবছৰে প্ৰদান কৰি অহা বীৰপাল বঁটা আৰু ধনশিৰি ৰত্ন বঁটা এইবাৰো ধনশিৰি মহকুমাৰ দুজন বিশিষ্ট ব্যক্তিক প্ৰদান কৰিব। নিশাৰ ভাগলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ গীতৰ শৰাই অনুষ্ঠানেৰে সাধনী দিৱসৰ সামৰণি মাৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। 

No comments