Breaking News

ৰংমনৰ বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ সামৰণি

শিৱসাগৰ, ৩ এপ্ৰিলঃ শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "ৰংমন"ৰ উদ্যোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত ১৫ দিনীয়া বিহুনাচ আৰু  ঢোলবাদনৰ কৰ্মশালাৰ সামৰণি পৰে। বিহুনাচৰ প্ৰশিক্ষক কৃষ্ণা বৰগোহাঁইৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। "ৰংমন"ৰ সম্পাদক প্ৰদীপ বৰগোহাঁইয়ে আঁত ধৰা সামৰণি অনুষ্ঠানত সমাজকৰ্মী বুদ্ধেশ্বৰী বৰগোহাঁই, নৰেন চেতিয়া, বসন্ত গগৈ, জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকা, প্ৰশিক্ষিকা কৃষ্ণা বৰগোহাঁই, বিহুৱা মাইনা গগৈ, ৰূপম চেতিয়া, পাৰ্থ দিহিঙীয়াৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments