শিৱসাগৰত ONGC ৰ বসন্ত উৎসৱ উদযাপন সমিতিৰ সংবাদমেল সম্বোধন
শিৱসাগৰ, ২৮ মাৰ্চঃ শিৱসাগৰত ONGC ৰ ২০২২ বৰ্ষৰ বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ONGC কলনিস্থিত অফিচাৰ্চ ক্লাবত আয়োজিত এক সংবাদমেলত আগন্তুক ২২, ২৩ আৰু ২৪ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় বিদ্যালয়ৰ খেলপথাৰত বসন্ত উৎসৱ উদযাপন কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে । ইয়াৰোপৰি নতুন প্ৰজন্মক বিহুৰ সৈতে পৰিচয় কৰাই দিয়াৰ স্বাৰ্থত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ১ এপ্ৰিলত নাজিৰাত আৰু ৩ এপ্ৰিলত শিৱসাগৰত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে। বসন্ত উৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰা হ'ব- বিহু নাচ, হুঁচৰী, জেং বিহু আদি প্ৰতিযোগিতা । বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰৰ বাবত ধাৰ্য কৰা হৈছে ৯ লাখ টকাৰ বাজেট । আনহাতে, বসন্ত উৎসৱ উপলক্ষে "এনাজৰী" নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হ'ব বুলি সদৰি কৰা উদযাপন সমিতিয়ে স্মৃতি গ্ৰন্থৰ বাবে বিহু সম্পৰ্কীয় লেখাও আবেদন কৰে ৰাইজৰ পৰা। শিৱসাগৰ ONGCৰ বসন্ত উৎসৱ-২০২২ ৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ আৰু জনপ্ৰিয় গায়িকা দিপলীনা ডেকাৰ গীতৰ শৰাই ।
No comments