বকলীয়াঘাটত কাৰ্বি আংলং প্ৰাথমিক শিক্ষা সন্থাৰ ৩৪ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশনঃ দুৰ্গম এলেকাত স্থানীয় শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ দাবী
বোকাজান, ৭ মাৰ্চঃ কাৰ্বি আংলং প্ৰাথমিক শিক্ষা সন্থাৰ ৩৪ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশনখনি আদিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে হাওৰাঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। অধিৱেশন উপলক্ষে ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা শিক্ষক প্ৰতিনিধিসকলে অধিৱেশনস্থলীত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ মাজতে আজি বিয়লি তিনি বজাত অধিৱেশনস্থলীত সন্থাৰ তৰফৰ পৰা এখনি সংবাদমেলৰ আয়োজন কৰে। সন্থাৰ সভানেত্ৰী লাংটুইপী ৰংপিপী আৰু সম্পাদক প্ৰবীণ হাঞ্চে উপস্থিত থকা সংবাদমেলখনত এই অধিবেশনত মূলতঃ শিক্ষকসকলৰ বিভিন্ন সমস্যা, বিশেষকৈ শেহতীয়াকৈ পাঠদানৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ প্ৰভূত ব্যৱহাৰ হোৱাৰ সময়ত শিক্ষকসকলে সন্মূখীন হʼবলগীয়া সমস্যা সম্পৰ্কে আলোচনা কৰা হʼব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন দুৰ্গম এলেকাত থকা বিদ্যালয়সমূহত শিক্ষকৰ সমস্যাৰ বাবে শিক্ষাদান প্ৰক্ৰিয়া ব্যাহত হোৱাৰ প্ৰসংগত সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। এইক্ষেত্ৰত স্থানীয় শিক্ষিত যুৱক যুৱতীক এনে বিদ্যালয়সমূহত পাঠদানৰ বাবে নিযুক্তি প্ৰদান কৰিবলৈ সন্থাই দাবী জনায়। লগতে, নতুন পেঞ্চন নীতিৰ ফলত শিক্ষকসকলৰ মাজত বৈষম্যৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰি সকলো শিক্ষক কৰ্মচাৰীকে পুৰণি পেঞ্চন নীতিৰ আধাৰত সামৰি লোৱাৰ বাবে আহ্বান জনায়। কাইলৈ অনুষ্ঠিত হʼবলগীয়া অধিৱেশনৰ মুকলি সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
No comments