Breaking News

দিচাংমুখত শস্যকৃমিৰ নিয়ন্ত্ৰণ সম্পৰ্কত কৃষকসকলৰ মাজত প্ৰশিক্ষণঃ ২৫ গৰাকী প্ৰগতিশীল কৃষকক স্প্ৰেয়াৰ যন্ত্ৰ বিতৰণ

শিৱসাগৰ, ৬ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্যকৃমি বিজ্ঞান বিভাগৰ অধীনস্থ সৰ্বভাৰতীয় সমন্বিত শস্যক্ষেত্ৰত শস্যকৃমি গৱেষণা প্ৰকল্পৰ উদ্যোগত আৰু শিৱসাগৰস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি দিচাংমুখৰ  অনিল পাংগিং ভৱনত  শস্যক্ষেত্ৰত কৃমিৰ আক্ৰমণ আৰু ইয়াৰ নিয়ন্ত্ৰণ শীৰ্ষক এক কৃষি প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° প্ৰদীপ সন্দিকৈ আৰু শস্য বিষয় বস্তু বিশেষজ্ঞ বনশ্ৰী মেধীয়ে আঁত ধৰা কৃষি প্ৰশিক্ষণটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° প্ৰভাত দাসে উদ্ধোধন কৰে ৷ উদ্ধোধনী ভাষণত ড° দাসে কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে শস্যৰ কীট-পতঙ্গ নিয়ন্ত্ৰণৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায় ৷ শস্যত শস্যকৃমিৰ আক্ৰমণৰ লক্ষণ আৰু শস্যকৃমিৰ আকাৰ প্ৰকাৰৰ ওপৰত প্ৰধান বিজ্ঞানী ড° দেবানন্দ দাসেও কৃষকসকলৰ আগত বিশদভাৱে ব্যাখ্যা আগবঢ়ায় ৷ ড° ভূপেন্দ্ৰ নাথ চৌধুৰীয়ে শস্যকৃমি নিয়ন্ত্ৰণৰ সম্পৰ্কে কৃষকসকলক অৱগত কৰে ৷ কৃষক দীনেশ পাংগিং, সাংবাদিক ৰজনীকান্ত পাংগিং উপস্থিত থাকে ৷ উক্ত প্ৰশিক্ষণত ৩০ গৰাকী প্ৰগতিশীল কৃষকে অংশ গ্ৰহণ কৰে ৷ প্ৰশিক্ষণৰ পিছত জনজাতীয় উপ আঁচনিৰ অধীনত ২৫ গৰাকী কৃষকক স্প্ৰেয়াৰ যন্ত্ৰ বিতৰণ কৰা হয় ৷



No comments