খেতিত আৰক্ষীৰ গুলিত আহত ধৰ্ষণত অভিযুক্ত
বোকাজান, ২২ মাৰ্চঃ ৰাজ্যজুৰি সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত ৰখা অসম আৰক্ষীৰ ধাৰাবাহিক গুলিচালনাৰ ঘটনাত বুজন সংখ্যক লোক গুলিবিদ্ধ হোৱাৰ সময়তে যোৱানিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে এটা ধৰ্ষণত অভিযুক্ত আৰক্ষীৰ গুলিৰ আঘাতত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হোৱাৰ বাতৰি পোৱা গৈছে। উত্থাপিত অভিযোগ অনুসৰি, পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অধীনস্থ তথা মাইলু উপ-আৰক্ষী চকীৰ অন্তৰ্গত নৱাইবিল নিবাসী হৰেন্দ্ৰ ৰামৰ বিৰুদ্ধে অলপতে দুগৰাকীকৈ কণমানি শিশু ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছিল। যোৱা ফাকুৱাৰ দিনা অভিযুক্ত হৰেন্দ্ৰ ৰামৰ (৫৪) নামৰ লম্পটটোৱে কাষতে এগৰাকী পাঁচ বছৰীয়া কন্যা শিশুৰ ওপৰত নিজৰ পাশৱিক কামনা চৰিতাৰ্থ কৰে। ইয়াৰ পূৰ্বেও লম্পট চৰিত্ৰৰ হৰেন্দ্ৰ ৰামে অলপতে একেটা পৰিয়ালৰ আন এগৰাকী আঠ বছৰীয়া কন্যা শিশুৰ ওপৰত অনুৰূপ কাণ্ড সংঘটিত কৰে। হৰেন্দ্ৰ ৰামৰ এনে নিৰ্লজ্জ, পাশৱিক কাণ্ডৰ তথ্য পোহৰলৈ অহাত লম্পটটোৱে নিৰ্বাচিত পৰিয়ালটোক ধনৰ লোভ দেখুৱাই সমস্ত ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে। অৱশ্যে, নিৰ্বাচিত শিশু দুটিৰ পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তৎপৰতাৰে পস্কʼ আইনৰ অধীনত ২৭/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত হৰেন্দ্ৰ ৰামৰ সন্ধানত অভিযান আৰম্ভ কৰে। ইফালে, আৰক্ষীৰ অভিযানৰ সম্ভেদ পাই অভিযুক্ত হৰেন্দ্ৰ ৰামে লগে লগে আত্মগোপন কৰে। ইয়াৰ মাজতে যোৱানিশা প্ৰায় ১১.৩০ বজাত মাইলু উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে পলাতক অৱস্থাৰ পৰা শিশু ধৰ্ষণৰ গোচৰত অভিযুক্ত হৰেন্দ্ৰ ৰামক আটক কৰিবলৈ সক্ষম হয়। অভিযুক্তটোক নিশাই মাইলু উপ-আৰক্ষী চকীৰ পৰা খেৰণি থানা অভিমূখে নি থকা অৱস্থাতে অভিযুক্তটোৱে আৰক্ষীৰ জিম্মাৰ পৰা পলাই সৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে অভিযুক্তটোক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়াৰ লগতে শূন্যলৈ দুজাঁইকৈ গুলিচালনা কৰে যদিও আৰক্ষীৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি প্ৰদান নকৰা অভিযুক্তটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে অৱশেষত গুলি চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলিয়ে অভিযুক্ত হৰেন্দ্ৰ ৰামৰ বাওভৰিত আঘাত কৰাত অভিযুক্তটো অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত অভিযুক্তটোক আৰক্ষীয়ে লগে লগে খেৰণি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।
No comments