কলিয়াবৰত আত্মসহায়ক গোটলৈ তাঁতশালৰ সামগ্ৰী প্ৰদান
কলিয়াবৰ, ১৭ মাৰ্চঃ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে মহিলা আত্মসহায়ক গোটসমূহলৈ অনুদান হিচাবে তাঁতশাল প্ৰদানৰ এক আঁচনি ৰূপায়ন কৰিছে। এই আঁচনিৰ অধীনত কলিয়াবৰ সমাজ কল্যাণ বিভাগে আজি কলিয়াবৰৰ ৩২ টাকৈ আত্মসহায়ক গোটক এই অনুদান প্ৰদান কৰে। ফ্ৰেম ,ৰাছ, মাকো, হাকোটা, মুহুৰা আদি তাঁতশালৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী অনুদান হিচাপে লাভ কৰি আনন্দ প্ৰকাশ কৰে আত্মসহায়ক গোটৰ মহিলাসকলে।
No comments