Breaking News

কলিয়াবৰৰ মাধৱগাওঁ শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত ফাল্গুউৎসৱ উদযাপন

কলিয়াবৰ, ১৮ মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা। কুঁৱৰীটোল মাধৱগাওঁ শ্ৰী শ্ৰী মাধৱ দেৱালয়ত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ফাল্গুউৎসৱ । বৃহস্পতিবাৰে মহাপ্ৰভুৰ স্নানৰ বাবে জলযাত্ৰা কৰাৰ পাছত ক্ৰমে মেষদাহ আৰু গন্ধ বাদন অনুষ্ঠিত হয়। শুক্ৰবাৰে মহাপ্ৰভুৰ স্নানৰ বাবে শিলঘাট ত্ৰিশূলধাৰীৰ ব্ৰহ্মপুত্ৰৰ পৰা জল আহৰণ কৰা হয় । ইয়াৰ পাছতে নাম প্ৰসংগ আৰু নিশালৈ অনুষ্ঠিত কৰা হ'ব "নৃসিংহ অৱতাৰ "ভাওনা ।



No comments