Breaking News

দিচাং ব্ৰহ্মপুত্ৰ চাপৰিত গো বৃদ্ধাশ্ৰম আৰু সমাধিক্ষেত্ৰৰ শুভ উদ্ধোধন

শিৱসাগৰ, ৪ মাৰ্চঃ শিৱসাগৰ জিলাৰ দিচাংমুখৰ সমীপৰ দিচাং ব্ৰহ্মপুত্ৰ চাপৰিত প্ৰকৃতিপ্ৰেমী ব্যক্তি ৰাজেন্দ্ৰ মিলিৰ নেতৃত্বত দ্বীপেন প্ৰধান, অনিৰ্বাণ দত্ত, জয় মিলি, দিলীপ মিলিৰ সহযোগত ২০২১ চনতেই প্ৰতিষ্ঠা হোৱা গো-বৃদ্ধা আশ্ৰমখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক কন্দৰ্প শৰ্মাই ৷ প্ৰকৃতিপ্ৰেমী ৰাজেন্দ্ৰ মিলিয়ে আঁত ধৰা উক্ত অনুষ্ঠানত দিচাং ব্ৰহ্মপুত্ৰ চাপৰিত গো বৃদ্ধা আশ্ৰমখন শুভ উদ্ধোধন কৰি শিৱসাগৰ জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালক কন্দৰ্প শৰ্মাই কয় যে, দিচাং  চাপৰিত থকা বৃদ্ধ গোধনসমূহ সংগ্ৰহ কৰি পোহ-পাল দিবৰ বাবে এটা গো বৃদ্ধা আশ্ৰম নিৰ্মাণ কৰি  আজি শুভ উদ্ধোধন কৰিবলৈ দিয়াত মই বহুত সুখী ৷ যিহেতু মই মানুহৰ বৃদ্ধা আশ্ৰম দেখিছো, কিন্তু গো বৃদ্ধা আশ্ৰম দেখা নাছিলো আৰু সেয়াই প্ৰথম ৷ এনেধৰণৰ ব্যতিক্ৰমী পদক্ষেপক শলাগ ল’বই লাগিব ৷ ভাৰতবৰ্ষৰ ক'তোৱেই নাই এনেধৰণৰ গো বৃদ্ধা আশ্ৰম ৷ অন্যহাতে, বিলুপ্তপ্ৰায় শগুন সংৰক্ষণ আৰু খাদ্যৰ বাবেও গো সমাধি ক্ষেত্ৰ ২০১৭ চনতেই সংৰক্ষিত কৰি ৰাখিছিল প্ৰকৃতিপ্ৰেমী মিলিয়ে ৷ উক্ত দিনাই গো সমাধি ক্ষেত্ৰখনো শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলা ৰেচম বিভাগৰ প্ৰকল্প বিষয়া ড° দীপক নাথে ৷ উক্ত দুয়োটা অনুষ্ঠানতে সাংবাদিক ৰজনীকান্ত পাংগিং, অৰুণ ঠাকুৰ, প্ৰাঞ্জল পূজাৰী, ৰেচম বিভাগৰ কৰ্মচাৰী বীৰেন মিলি, সুমন্ত গোহাঁই, পূণ্য বৰা, ৰতন গগৈ, প্ৰশান্ত গগৈ, শ্ৰীমন্ত দাস, হৰেন গগৈ, নৱ চেতিয়া, ত্ৰিদীপ ফুকন, সুনজিত শইকীয়া আদিয়ে উপস্থিত থাকে ৷ শুভ উদ্ধোধনৰ আৰম্ভণিতে ৰাজেন্দ্ৰ মিলিক সততে সহযোগ কৰা সমাজকৰ্মী দ্বীপেন প্ৰধানৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাবে তেওঁৰ আত্মাৰ সদ্‌গতি কামনা কৰি এক মিনিত সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।

No comments