ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু কাজিৰঙাৰ জীপ চাফাৰী সংস্থা
কলিয়াবৰ, ২৩ ফেব্ৰুৱাৰীঃ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ আলহী। অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আগতীয়াকৈ আগমন সম্পৰ্কীয় আয়োজনৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে জীপ ছাফাৰীৰ পথ তথা জীপচিসমূহৰ তন্ন তন্নকৈ পৰীক্ষা কৰি সাজু কৰিছে । ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু হৈছে কাজিৰঙাৰ জীপ চাফাৰী সংস্থাও।
No comments