Breaking News

দলদলীত ৰে'লৰ চেপাত এজনৰ কৰুণ মৃত্যু

ডিফু, ৮ ফেব্ৰুৱাৰীঃ মঙ্গলবাৰে ডিফুৰ সমীপৱৰ্তী দলদলী ৰে'লৱে ট্ৰেকত এজন চল্লিছোৰ্দ্ধৰ লোকৰ ৰে'লৰ চেপাত মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ ডিফু চৰকাৰী ৰে'ল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনি মেচে জানিবলৈ দিয়া অনুসৰি, আজি পুৱা প্ৰায় ১০ মান বজাত দলদলী ৰে'ল ষ্টেচনৰ ৰে'ল লাইনৰ কাষত এগৰাকী অচিনাক্ত লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ থকাৰ খবৰ লাভ কৰে ৷ পিছত লোকজনক আহত অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ পিছত দণ্ডাধীশৰ দ্বাৰা মৃত লোকজনক চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষা কৰা হয় ৷ প্ৰায় ৪৫ বছৰীয়া মৃতলোকজনৰ দুয়োটা ভৰি ৰে'লৰ চেপাত টুকুৰা হৈ পৰে ৷ লোকজনে ৰঙা ৰঙৰ জেকেট আৰু ক'লা লংপেণ্ট পৰিধান কৰিছিল ৷ লোকজনৰ মৃতদেহ চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই সন্দৰ্ভত লামডিং জিআৰপিত ৭/২২ ত এক ইউডি গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷



No comments