Breaking News

ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ষ্টাৰ আইকনৰ বাবে নিৰ্বাচিত শিৱসাগৰৰ অংগনা প্ৰিয়া চেতিয়া

শিৱসাগৰ, ৮ ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হোৱা নৰ্থইষ্ট ইষ্টাৰ এনালাইটৰ  বিজয়ী খিতাপ অৰ্জন কৰিব সক্ষম হয় শিৱসাগৰ বকতা নঙলামৰাৰ অংগনা প্ৰিয়া চেতিয়াই। যুৱদলৰ পৰা বিজয়ী হোৱাৰ পাছত ছাত্ৰীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ষ্টাৰ আইকনৰ বাবে নিৰ্বাচিত হৈছে, যাৰ বাবে প্ৰস্তুতি চলাই আছে যুৱতীগৰাকীয়ে। এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে  প্ৰশিক্ষক জয়ধ্বজ ৰাজকোঁৱৰে। মডেলিঙৰ প্ৰতি হেপাঁহ থকা ছাত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বেও বহুকেইটা মডেলিং শ্ব'ত বিজয়ী খিতাপৰ লগতে সন্মান বুটলিব সক্ষম হৈছে। 

No comments