Breaking News

লাহৰিঘাট বিদ্যাসাগৰ বিদ্যাপীঠত আশীৰ্বাদ সভা অনুষ্ঠিত

লাহৰিঘাট, ২৬ ফেব্ৰুৱাৰীঃ লাহৰিঘাট বিদ্যাসাগৰ বিদ্যাপীঠত আজি সুকলমে অনুষ্ঠিত হৈ যায় আশীৰ্বাদ সভা। লাহৰিঘাট অঞ্চলৰ ব্যক্তিগতখণ্ডৰ এইখন বিদ্যালয়, যিখন বিদ্যালয়ৰ পৰা ২৪ জন কৈ শিক্ষাৰ্থীয়ে অহা ২০২২ চনত HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব। উক্ত সভাৰ আৰম্ভণি কৰে  ড° ভূপেন হাজৰিকাৰ এটি গীত মানুহে মানুহৰ বাবে। উক্ত অনুষ্ঠানত  শিক্ষাগুৰুসকলে ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যত আগুৱাই যাবৰ কাৰণে বহু গুৰুত্বপূৰ্ণ ভাষণ ও পৰামৰ্শ দাঙি ধৰে। এইখন বিদ্যালয়ৰ ২৪ জন শিক্ষাৰ্থীৰ পৰা ২৪ জনেই ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হ'ব বুলি আশা ৰাখিছে বিদ্যালয়খনৰ অধ্যক্ষ ডা° অনোৱাৰ হুছেইন ৱাহিদে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ডা° অনোৱাৰ হুছেইন ৱাহিদ, মৰিগাও জিলাৰ তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন দাস, হৰিলাল দাস, দীপক ভূঞা, মকবোল হুছেইন, তফাজ্জুল ইছলাম, নুৰুল আমিন তামজিদুৰ ৰহমান, আছাদ আল্লাহ, মেহবুব আনুৱাৰ, মইনুল হক চৌধুৰী, নৱজ্যোতি জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠাপক সম্পাদক চাইফুল ইছলামৰ লগতে বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

No comments