Breaking News

শিৱসাগৰত দুবছৰীয়া শিশুসহ মহিলা নিৰুদ্দেশঃ চাঞ্চল্যৰ সৃষ্টি

শিৱসাগৰ, ২৫ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ পানবেচা লৰা'পুতা গাঁৱত এগৰাকী দুবছৰীয়া কন্যা শিশুসহ এগৰাকী মহিলা যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা দুবছৰীয়া কন্যাসহ ২২ বছৰীয়া মহিলাগৰাকী নিখোজ হৈ আছে। মহিলাগৰাকী সন্ধানহীন হৈ থকাত উক্ত দিনাই মহিলাগৰাকীৰ স্বামী গোবিন চেতিয়াই দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। নিৰুদ্দেশ হোৱা মহিলাগৰাকী নাম পদুমী চেতিয়া আৰু ২ বছৰীয়া কন্যা প্ৰিন্সি চেতিয়া।   নিৰুদ্দেশ হৈ থকা পদুমী চেতিয়াই  দুবছৰীয়া কিশোৰী প্ৰিন্সিক চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ দেখুৱাবলৈ লৈ গৈ ঘৰলৈ ঘুৰি নহাত স্বামীৰ পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ২২ ফেব্ৰুৱাৰীত পুৱা দহ বজাতে চিকিৎসাৰ বাবে ওলাই যোৱা পত্নী পদ্মা চেতিয়াই কিশোৰী   প্ৰিন্সিসহ ঘৰলৈ উভতি নহাত আত্মীয় কটুমৰ লগতো যোগাযোগ কৰি কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত স্বামী গোবিন চেতিয়াৰ পৰিয়াল বৰ্গই  দুবছৰীয়া কিশোৰী প্ৰিন্সি আৰু পত্নী পদুমী চেতিয়াৰ(২২)  নিখোজ হোৱাৰ ঘটনাটোৰ সন্দৰ্ভত শিৱসাগৰ দিচাংমুখ আৰক্ষী থানাৰ কাষ চাপিছিল যদিও আজিপৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালবৰ্গই নিৰুদ্দিষ্ট হোৱা পদুমী চেতিয়া আৰু ২ বছৰীয়া কিশোৰীগৰাকীক বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিছে যদিও কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনোধৰণ শুংসুত্ৰ পোৱা নাই।কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট সন্তানসহ মহিলাগৰাকীৰ সম্ভেদ পালে ৯৮৬৪৫১৪৯৩৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই কাতৰ আহ্বান জনাইছে।

No comments