Breaking News

কলিয়াবৰত বন্যহস্তীৰ মৃত্যু

কলিয়াবৰ, ১১ ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ সোনাৰী চাহ বাগিচাৰ ৯ নম্বৰ লাইনৰ কাষত অসুস্থ অৱস্থাত উদ্ধাৰ হয় এটি বনৰীয়া হাতী। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বনবিভাগৰ লোক উপস্থিত হৈ অসুস্থ হাতীটোক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা প্ৰদান কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বন্যহস্তীটোৱে। প্ৰায় দহ-বাৰ বছৰীয়া হাতীটো নিজৰ মাজত যুদ্ধ কৰাৰ ফলত ভিতৰুৱা ৰক্তক্ষৰণ হৈ মৃত্যু হোৱা বুলি প্ৰাথমিক পৰীক্ষাত ধাৰণা কৰিছে বনবিভাগৰ পশু চিকিৎসকগৰাকীয়ে ।

No comments