Breaking News

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত জন্মদিন উদযাপন

ব্যুৰ' ডেস্ক , ১ ফেব্ৰুৱাৰীঃ আজি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ওপজা দিন। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে আজি  শিৱসাগৰ জিলাৰ ঐতিসাহিক শিৱ দৌলত শিৱসাগৰ জিলা ভাৰতীয় জনতা যুৱ মুৰ্চা জিলা সমিতিয়ে ড০ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি শৰাই আগবঢ়ায়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি গৌতম সন্দিকৈ, উপ-সভাপতি সমীৰণ বৰদৈল, সাধাৰণ সম্পাদক ৰাহুল গগৈ, সন্দিপ গগৈ, সম্পাদক ৰিন্তু বৰা, অনুপল দাস, পৰেশ দাস, ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক নীলকমল সিংহ কোঁৱৰৰ লগতে সমূহ বিষয়ববীয়া আৰু ১৩ টা মণ্ডলৰ সভাপতি-সম্পাদক ও বিষয়ববীয়াসকল উপস্থিত থাকে । আনহাতে, সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰটো অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন। আজি সৰুপথাৰ, বৰপথাৰ আৰু উৰিয়ামঘাট বিজেপি যুৱ মৰ্চাৰ সদস্যসকলে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে গন্ধকৰৈ শ্ৰী শ্ৰী বাৰেখেলীয়া নামঘৰত এখনি শৰাই আগবঢ়ায়। লগতে সকলোৱে তেখেতৰ হৈ নাম-প্ৰসঙ্গ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সু-স্বাস্থ্য আৰু সুন্দৰ সবল নেতৃত্বৰে অসমখনক আগুৱাই নিয়াৰ অৰ্থে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।





No comments