বৈঠালাংছ'ত ড্ৰাগছসহ চাৰি যুৱক আটক
বোকাজান, ১ ফেব্ৰুৱাৰীঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ'ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে। উল্লেখ্য যে, যোৱা ৩০ জানুৱাৰীত বৈঠালাংছ’ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৈঠালাংছ’ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱানিশা আৰক্ষীৰ এটা দলে বৈঠালাংছ’ এলেকাত অভিযান চলাই চাৰিজন যুৱকক আটক কৰাৰ লগতে ধৃত যুৱককেইজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে তিনিটা কন্টেইনাৰত ভৰাই ৰখা অৱস্থাত ১৮.৬১ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন, ২৮টা টেবলেট, পাঁচটা ছিৰিঞ্জ, ভালেসংখ্যক খালী কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকেইজন ক্রমে বৈঠালাংছ’ৰ খানাজান বে’ গাঁৱৰ জনাছিং বে’ (৩৪), হামৰেণৰ হামৰেণ ৰংচিংদনৰ ৰাজেশ টেৰণ (২১), ডংকা ডেইলী বজাৰৰ জয়ছিং তিমুং (২২) আৰু ডংকা পিডব্লিউডি কলনিৰ আলফায়াছ চিংথাং (২১) বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে।
No comments