বৈঠালাংছʼত নিচাযুক্ত সামগ্ৰীসহ যুৱক আটক
বোকাজান, ৩০ জানুৱাৰীঃ- পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼ থানাৰ অন্তৰ্গত ডংকা বৰ আলঙত আজি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বৈঠালাংছʼ আৰু ডংকামোকাম আৰক্ষীৰ এটা দলে চলোৱা অভিযানত এজন যুৱকৰ জিম্মাৰ পৰা ১.২৬ গ্ৰাম সন্দেহযুক্ত হেৰʼইন, ২০ টা নিচাযুক্ত কেপচুল আৰু দুটা ছিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন মৰিগাঁও জিলাৰ জাগীৰোড নেলীৰ অংকুৰ বৰা (২৩) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, জেকচন হাঞ্চে নামৰ আন এজন যুৱক উক্ত স্থানৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে। জেকচন নামৰ যুৱকজনে ধৃত অংকুৰক নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ বাবে অহাৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত ০৯/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখা হৈছে।
No comments