Breaking News

অসম গৌৰৱ বটাঁ গ্ৰহণ কৰি মৰাণস্থিত নিজ গৃহত উপস্থিত হ'ল হেমপ্ৰভা চুতীয়াঃ গাঁওবাসীৰ লগতে মৰাণবাসীয়ে জনালে উষ্ম আদৰণি

মৰাণ, ২৫ জানুৱাৰীঃ তাঁ‌তশালত বহুকেইটা ভাষাত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ উলিয়াই ৰাজ্যত পৰিচিত হৈ পৰা মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়ালৈ অসম চৰকাৰে ২৪ জানুৱাৰীত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাত, বঁটা গ্ৰহণ কৰি আজি মৰাণস্থিত নিজ গৃহত উপস্থিত হয় । নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে উৎসৱমুখৰ হৈ পৰে হেমপ্ৰভা চুতীয়াৰ বাসগৃহ। স্বগৃহত উপস্থিত হৈ আবেগিক হৈ পৰে অসম গৌৰৱ বটাঁ প্ৰাপক কাজী শিপিনী হেমপ্ৰভা চুতীয়া। ফটিকাছোৱা গাওঁবাসীৰ লগতে মৰাণবাসী, দল সংগঠন আদিয়ে গায়ন-বায়নেৰে আদৰণি জনাই ফুলাম গামোচা, জাপিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে, হেমপ্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা । তেওঁ প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁ‌তশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘ্যৰ 'শ্ৰীমদ্ভাৱত গীতা' ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল । হেমপ্ৰভা চুতীয়াৰ এই কৰ্মৰাজিৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে।



No comments