মাঞ্জাত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী
বোকাজান, ১৮ জানুৱাৰীঃ আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ বাবে অপৰাধীচক্ৰই নিতৌ ন ন কৌশল অৱলম্বন কৰি অহাৰ সময়তে যোৱানিশা কাৰ্বি আংলং জিলাৰ মাঞ্জাত আৰক্ষীয়ে অভিযান চলাই এখন বিলাসী বাহনৰ পৰা নিষিদ্ধ হেৰ'ইন জব্দ কৰাৰ লগতে এই সন্দৰ্ভত তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কালি বিয়লিৰ ভাগৰ পৰা মাঞ্জা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে নিশা প্রায় দহ বজাত বকলীয়াঘাটৰ দিশৰ পৰা ডিফু অভিমুখে গৈ থকা এএছ-০২-ভি-২৫৭৫ নম্বৰৰ এখন ইন'ভা বাহন কৰ্তব্যৰত মাঞ্জা আৰক্ষীয়ে প্রত্যক্ষ কৰে। বাহনখন ৰখাই আৰক্ষীয়ে ইয়াৰ চালক আৰু যাত্ৰীসকলক সোধ-পোছ কৰাৰ পিছত সন্দেহবশতঃ বাহনখনত তালাচী চলাই ১৪ টা সৰু প্লাষ্টিকৰ কন্টেইনাৰত ভৰাই অনা অৱস্থাত বুজন পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হেৱা হেৰ'ইনখিনি আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে চাউলৰ বস্তাৰ ভিতৰত ভৰাই লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে বাহনখনত থকা তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে মহম্মদ নজৰুল ইছলাম, মহম্মদ আলাউদ্দিন আৰু মহম্মদ আফটাব হুছেইন বুলি চিনাক্ত কৰা হৈছে। ধৃত আটাইকেইটা সৰবৰাহকাৰীৰ ঘৰ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ হৰিলাল বস্তিত। ড্ৰাগছৰ সন্ধানত নিশা ডিফুৰ হৰিলাল বস্তি আৰু ৰংনিহাঙত আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত মাঞ্জা থানাত ০১/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।
No comments