Breaking News

'লাংফেৰ বেডমিন্টন চেম্পিয়নশ্বিপ’ৰ চূড়ান্ত বিজয়ী কানাইয়া ৰংহাং-হাজেন্দ্র বসুমতাৰী যুটী

বোকাজান, ১৬ জানুৱাৰীঃ বকলীয়াঘাটৰ ‘নেতাজী য়ুথ ৰিভল্যুশ্বনেৰী ক্লাৱ'ৰ উদ্যোগত যোৱা ১২ জানুৱাৰীৰ পৰা বকলীয়াঘাট ইউনাইটেড কাৰ্বি ক্লাৱত চলি থকা ‘লাংফেৰ বেডমিন্টন চেম্পিয়নশ্বিপ’ৰ যোৱানিশা অনুষ্ঠিত হোৱা চূড়ান্ত মেচখনত কানাইয়া ৰংহাং আৰু হাজেন্দ্র বসুমতাৰী যুটীয়ে হিমু বৰা আৰু নয়নমণি বৰা যুটীক ২-০ ছেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰে। টুর্ণামেন্টৰ দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰে অনিকেত দাস আৰু ৰাজ দাসে।

প্রতিযোগিতাত মুঠ ২০ টা দলে অংশগ্রহণ কৰে। ৱাৰ্ড কমিশ্যনাৰ গৌতম বণিক, নেতাজী ক্লাৱৰ সভাপতি-সম্পাদক ক্রমে অনিকেত দাস আৰু ৰাজেশ দাস উপস্থিত থকা চূড়ান্ত মেচখনৰ অন্তত খিতাপ বিজয়ী খেলুৱৈসকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰষ্কৃত কৰা হয়।




No comments