Breaking News

শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ বাবে বোকাখাত জেডিএচজি মহাবিদ্যালয়ত দহদিনীয়া ভিডিঅ' কৰ্মশালাৰ শুভাৰম্ভ

বোকাখাত, ১৬ ডিচেম্বৰঃ আজি বোকাখাতৰ জেডিএছজি মহাবিদ্যালয়ত বোকাখাত মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ১২গৰাকী নিৰ্বাচিত ছাত্র-ছাত্ৰীক ১০দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ভিডিঅ' ফটোগ্রাফী প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়।  নতুন দিল্লীৰ আৰ্থকেয়াৰ আউটৰিচ ট্ৰাষ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত তেল আৰু প্ৰাকৃতিক গেছ  নিগমৰ বিত্তীয় অনুদানেৰে তথা বনবিভাগ, জেদিএছজি মহাবিদ্যালয়, চিএনবি মহাবিদ্যালয়, কাজিৰঙা চৰকাৰী মডেল মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰ, বিভাগীয় বন বিষয়া ৰমেশ গগৈ, জেদিএছজি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত গগৈ, বিশিষ্ট সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী উত্তম শইকীয়া, আৰ্থকেয়াৰ আউটৰিচ ট্ৰাষ্টৰ সচিব কৃষ্ণেন্দু পাল উপস্থিত থাকে। এই কৰ্মশালাৰ দ্বাৰা প্ৰশিক্ষণ লাভ কৰাৰ পাছত শিক্ষাৰ্থীসকলে কাজিৰঙা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনগোষ্ঠীসকলৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ ওপৰত তথ্য চিত্ৰ নিৰ্মাণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত  চিত্ৰ নিৰ্মাণৰ কাৰণে অত্যাধুনিক কেমেৰা, সা- সৰঞ্জামসহ সমল ব্যক্তিসকলে কৰ্মশালাত অংশগ্রহণ কৰিছে।



No comments