শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বিশাল আইনসেৱা শিবিৰ
শিৱসাগৰ, ২৭ ডিচেম্বৰঃ শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত দেওবাৰে খৰাহাট বাগান দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত বিশাল আইনসেৱা শিবিৰৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰৰ জৰিয়তে বিভাগীয় বিষয়াসকলে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে বিৱৰণ আগবঢ়ায়। তদুপৰি এই শিবিৰত আধাৰ কাৰ্ড, শূন্য জমাৰ বেংক একাউন্ট আদি খোলাত হিতাধিকাৰীসকলক সহায় কৰি দিয়ে। তিনি সহস্ৰাধিক ৰাইজৰ উপৰি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে জিলা আৰু সত্ৰ ন্যায়াধীশ তথা শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ মাধুৰ্য্য নাৰায়ণে। শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক আইনসেৱা প্ৰাধিকাৰীৰ সদস্য সচিব নয়ন শংকৰ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰি আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য-কলাপৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰে। পৰৱৰ্তী সময়ত অসম ৰাজ্যিক আইনসেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন. কটিশ্বৰ সিঙে "ন্যায় সকলোৰে বাবে" শীৰ্ষক আলোচ্য বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। আনহাতে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেও আজিৰ সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। সদৌ শেষত সভাৰ অন্তত শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ সচিব বৰ্ণানী গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।
No comments