জয়ছিং বেʼ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাঃ ট্ৰাই বেকাৰত ডিফু ৰংছʼপী চূড়ান্ত বিজয়ী
বোকাজান, ২৯ ডিচেম্বৰঃ যোৱা পাঁচ ডিচেম্বৰৰ পৰা বকলীয়াঘাট ৰজাপথাৰ ইংলেংগাঁও খেলপথাৰত চলি থকা জয়ছিং বেʼ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত আজি ডিফু ৰংছʼপী ফুটবল ক্লাবে হাওৰাঘাট আংলক ক্লাবক ৩-২ গʼলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। তীব্ৰ প্ৰতিদ্বন্দিতা মূলক মেচখন নিৰ্ধাৰিত সময়ত ১-১ গʼলৰ ব্যৱধানত অমীমাংসিত হৈ যোৱাৰ পিছত ট্ৰাই বেংকাৰৰ সহায়ত খেলখনৰ চূড়ান্ত সিদ্ধান্ত লʼবলগীয়া হয়। চেম্পিয়ন দলক মানপত্ৰ, ট্ৰফী আৰু নগদ ৩০,০০০ টকা, ৰাণাৰ্ছ আপ দলক মানপত্ৰ, ট্ৰফী, নগদ ২০,০০০ টকাৰে পুৰষ্কৃত কৰা হয়। সাংসদ হৰেণছিং বেʼ, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং আদি খেলখনত উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে।
No comments